Home / BLOG / জ্বলা জুইত ঘিউঃ সামাজিক মাধ্যমত মৃণাল শইকীয়াৰ ইটোৰ পিছত সিটো পোষ্ট

জ্বলা জুইত ঘিউঃ সামাজিক মাধ্যমত মৃণাল শইকীয়াৰ ইটোৰ পিছত সিটো পোষ্ট

ডিজিটেল ডেস্কঃ  সামাজিক মাধ্যমত ইটোৰ পিছত সিটো পোষ্ট দি জ্বলা জুইত ঘিউ ঢালিছে শাসকীয় বিধায়ক মৃণাল শইকীয়াই। মঙলবাৰে ভোটগণনা পৰ্ব শেষ হোৱাৰ পাচতে ফেচবুকৰ জৰিয়তে গৌৰৱ গগৈক শুভেচ্ছা প্ৰদান কৰি ৰাজনৈতিক মহলত হাহাকাৰ লগাইছিল খুমটাইৰ বিধায়ক গৰাকীয়ে ৷

ইয়াৰ পাচতে মৃণাল শইকীয়াক কটাক্ষ কৰি কেবাটাও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পোষ্ট আৰু প্ৰতিক্ৰিয়াৰ খেলখন ইয়াতে সামৰণী নামাৰি পুনৰ মাজ নিশা নিজ এক্স হেণ্ডেলত এটা পোষ্ট দি চৰ্চালৈ আহিছে বিধায়ক শইকীয়া।

পোষ্টত শীৰ্ষ বিজেপি নেতা অতুল বিহাৰী বাজপেয়ী,লাল কৃষ্ণ আদৱাণী আৰু মুৰলী মনোহৰ যোশীৰ ফ’টো লগাই তেওঁ লিখে যে, এইসকল নেতাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলো। তেওঁলোকে আনক সন্মান কৰিবলৈ শিকোৱা লগতে ৰাজনৈতিক সম্বন্ধবোৰৰ নিৰ্বিশেষে মানুহক সন্মান প্ৰদৰ্শন কৰিবলৈ শিকাইছিল। কিন্তু আজিকালিৰ সময়ছোৱাত কাৰোবাক শুভেচ্ছাবাণী প্ৰদান কৰাটো একপ্ৰকাৰৰ অপৰাধ বুলি মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিলো।

উল্লেখ্য যে, সামাজিক মাধ্যমত শাসকীয় বিধায়কগৰাকীৰ এই প্ৰতিক্ৰিয়াই বিজেপিৰ ভিতৰ চোৱাত জোকাৰণিৰ সৃষ্টি কৰিছে । উক্ত পোষ্ট সন্দৰ্ভত বিজেপি নেতৃত্ব তথা মুখ্যমন্ত্ৰীয়ে কি প্ৰতিক্ৰিয়া দিব সেয়া লক্ষণীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *