Home / BLOG / ডামবুকত শোকাৱহ দুৰ্ঘটনা সংঘটিতঃ জীৱন্তে অগ্নিদগ্ধ যুৱক

ডামবুকত শোকাৱহ দুৰ্ঘটনা সংঘটিতঃ জীৱন্তে অগ্নিদগ্ধ যুৱক

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ দিবাং ভেলীৰ ডামবুকৰ পৰা ৰয়িঙলৈ আহি থকা অৱস্থাত মেকাত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত নিহয় হয় নৱ-নিৰ্বাচিত বিধায়ক পুন্য আপুমৰ ঘৰত ডাঙৰ-দীঘল হোৱা জীৱন লাক্ৰা নামৰ এজন যুৱক।

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, দেওবাৰে বিধায়কজনৰ বিজয় আনন্দ উলাহৰ মাজতে ডামবুকৰ পৰা ৰয়িঙৰ ঘৰলৈ আহি থকা সময়ত নিশা প্ৰায় ৯ বজাত জীৱন লাক্ৰাৰ বাহনখন এখন ডাম্পাৰৰ লগত দুৰ্ঘটনাত পতিত হয়। যুৱকজন অহা ফৰচুনাৰ বাহনখনত হঠাতে জুই জ্বলি উঠে।

জুইত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় জীৱন লাক্ৰাৰ। গাড়ীখনত আৱদ্ধ হৈ পৰা জীৱন লাক্ৰাক গাড়ীৰ দুৱাৰ খুলি বাহিৰলৈ উলিয়াই আনিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আন এজন যুৱকে। কিন্তু সফল নোহোৱাত অগ্নিদগ্ধ হৈ মৃত্যু হয় দুৰ্ভগীয়া জীৱন লাক্ৰাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *