ডিঙিত লোহা সোমাই যুৱকৰ মৃত্যু…

Dhruba deka

ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ বাগল গাঁৱৰ এজন যুৱকৰ ডিঙিত লোৰ ৰড সোমাই অকাল মৃত্যুক আঁকোৱালি লোৱা কৰুণ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত যুৱকজনৰ নাম ফাৰুক আলী ৷

প্ৰায় ২৪ বছৰীয়া ফাৰুক আলী বাগল অঞ্চলৰ নিবাসী পুতুল আলীৰ কনিষ্ঠ পুত্ৰ ৷ ফাৰুক আলীয়ে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত সমনীয়াৰ সৈতে বাগল আৰু ডিমৌমুখৰ সংযোগী পথত অৱস্থিত এটা অৰ্ধ নিৰ্মিত আৰ চি চি ঘৰৰ চাদৰ ওপৰলৈ উঠাৰ সময়তে খটখটীৰ পৰা পিচলি বাগৰি পকী খুঁটাৰ এডাল ৰডত পৰে ৷ ফলত ৰডডাল তেওঁৰ ডিঙিত সোমাই অত্যধিক ৰক্তক্ষৰণ হয়।

তেনে অৱস্থাত ফাৰুক আলীক ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ শিৱসাগৰ প্ৰগতি নাৰ্চিংহোমত ভৰ্তি কৰাই যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু গন্তব্যস্থলতে জৰুৰীকালীন সেৱাৰ বাহনৰ ভিতৰতে নিশা প্ৰায় ৯-০০ বজাত ফাৰুক আলীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় দিচাংমুখ আৰক্ষী চকীৰ এটা দলে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ,ভাতৃ – ভগ্নী তথা পত্নী আৰু এগৰাকী প্ৰায় ৮মহীয়া কন্যা সন্তানক ইহসংসাৰত এৰি যায়। যুৱকজনৰ মৃত্যুত সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *