ভাৰতৰ প্ৰথমটো অন্তৰ্বাহী ৰেল-পথ সুৰংগক লৈ সেউজ সংকেত দিলে কেবিনেটে
গোহপুৰ-নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি যাব এতিয়া মাত্ৰ ৩০ মিনিটত!
ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটা নদীৰ তলেদি দুটা সমান্তৰাল সুৰংগৰ নিৰ্মাণৰ অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই। অসমৰ বুকুত বয়বোৰা ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো অন্তৰ্বাহী (underwater) টুইন-টিউব সুৰংগ।
এই মেগা প্ৰকল্পটোৱে উত্তৰ পাৰৰ গোহপুৰক দক্ষিণ পাৰৰ নুমলীগড়ৰ সৈতে সংযোগ কৰিব।
এটা সুৰংগত থাকিব চাৰিলেনীয়া উচ্চগতিৰ ৰোডওয়ে,
আনটোত থাকিব ডাবল লাইন বিদ্যুতচালিত ৰেলপথ।

বৰ্তমান গোহপুৰৰ পৰা নুমলীগড়লৈ যাবলৈ কলিয়াবৰ সেতুৰে ঘূৰি অহা পথটোত লাগে ৬ৰ পৰা ৭ ঘণ্টা।
এই সুৰংগ মুকলি হ’লে সেই দূৰত্ব কমি আহিব মাত্ৰ ৩০ মিনিটলৈ!
প্ৰকল্পৰ মূল্য : ১৮,০০০ৰ পৰা ২০,০০০ কোটি টকা
নিৰ্মাণৰ সময় : কাম আৰম্ভ হোৱাৰ পাছত প্ৰায় ৫ বছৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাকক্ষত হোৱা বৈঠকত এই ঐতিহাসিক সিদ্ধান্ত লোৱা হয়।
এই সুৰংগই কেৱল যাতায়তৰ সময় কমোৱাই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাত্মক সংযোগ, লজিষ্টিক দক্ষতা, সকলো ঋতুত যোগাযোগ আৰু সীমান্তৰ কৌশলগত নিৰাপত্তাক এক নতুন উচ্চতালৈ লৈ যাব বুলি বিশ্বাস কৰা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে :
“আজি অসমৰ সপোন এখন সঁচা হ’ল। ব্ৰহ্মপুত্ৰৰ তলেদি ভাৰতৰ প্ৰথম অন্তৰ্বাহী সুৰংগ! প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জীক কৃতজ্ঞতা জনাইছোঁ। এয়া কেৱল সুৰংগ নহয়, এয়া অসমৰ নতুন যুগৰ দুৱাৰ।”
এতিয়া অসমৰ মানুহে মাত্ৰ এটা কথাহে কৈ আছে :
“ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যোৱা সেতুবোৰ দেখিলোঁ,
এতিয়া তলেদি যোৱা সুৰংগ দেখিম!”
ভাৰতৰ অভিযান্ত্ৰিক ক্ষমতাৰ নতুন সাক্ষী হ’ব অসমৰ বুকুত।












