Home / BREAKING NOW / ভেনিজুৱেলাৰ নতুন অধ্যায়: ডেলচি ৰড্ৰিগেজে আমেৰিকাক দিলে সহযোগিতাৰ প্ৰস্তাৱ

ভেনিজুৱেলাৰ নতুন অধ্যায়: ডেলচি ৰড্ৰিগেজে আমেৰিকাক দিলে সহযোগিতাৰ প্ৰস্তাৱ


মাত্ৰ ২৪ ঘণ্টাৰ ব্যৱধানত ভেনিজুৱেলাৰ ৰাজনীতিত এটা ডাঙৰ উভয়তি।

শনিবাৰে ৰাতি টেলিভিছনত সেনাৰ শীৰ্ষ বিষয়াসকলক সৈতে থিয় হৈ ডেলচি ৰড্ৰিগেজে আমেৰিকাৰ অপাৰেচনক “বৰ্বৰ আক্ৰমণ” বুলি গৰিহণা দিছিল আৰু চিঞৰিছিল,
“এই দেশত মাত্ৰ এজনেই ৰাষ্ট্ৰপতি — নিক’লাছ মাদুৰো!”

কিন্তু আজি দেওবাৰে তেওঁৰ টোন সম্পূৰ্ণ সলনি।
টেলিগ্ৰামত পোষ্ট কৰা এটা দীঘলীয়া বাৰ্তাত ভেনিজুৱেলাৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে আমেৰিকাৰ চৰকাৰক সহযোগিতাৰ এজেণ্ডাৰ বাবে আমন্ত্ৰণ জনাইছে।

তেওঁ লিখিছে,
“আমি আমেৰিকা চৰকাৰক আহ্বান জনাইছোঁ যে আন্তঃৰাষ্ট্ৰীয় আইনৰ সীমাৰ ভিতৰতে আমি একেলগে এখন সহযোগিতাৰ এজেণ্ডা গঢ়ি তুলোঁ, যিখন হ’ব পাৰে দুয়োখন দেশৰ সহ-উন্নয়নৰ বাট।”

প্ৰেচিডেণ্ট ড’নাল্ড ট্ৰাম্পক সুধিলে কৈছে,
“ভেনিজুৱেলাৰ জনতাই যুদ্ধ নহয়, শান্তি আৰু সংলাপ বিচাৰে। এয়াই আছিল সদায় ৰাষ্ট্ৰপতি মাদুৰোৰ নীতি।”

ট্ৰাম্পৰ স্পষ্ট সতৰ্কবাণী

হোৱাইট হাউচৰ পৰা ট্ৰাম্পে কৈছে,
“যদি ডেলচি ৰড্ৰিগেজে সহযোগিতা নকৰে, তেন্তে তেওঁ মাদুৰোতকৈয়ো ডাঙৰ মূল্য দিবলগীয়া হ’ব। আমি ভেনিজুৱেলাৰ তেল উদ্যোগ আৰু অৱস্থাপনাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ বিচাৰোঁ।”

ৰাষ্ট্ৰসচিব মাৰ্কো ৰুবিঅ’ই চিবিএছ নিউজত কৈছে,
“আমি কথা নহয়, কাম চাম। তেলৰ ওপৰত নাৱিক অৱৰোধ এতিয়াও আছে, এয়া আমাৰ সৰ্বোচ্চ চাপৰ অস্ত্ৰ।”

মাদুৰো এতিয়া নিউয়ৰ্কত বন্দী

শনিবাৰে ৰাতিপুৱাই আমেৰিকাৰ চিআইএ আৰু ডেল্টা ফ’ৰ্চৰ যৌথ অপাৰেচন “অপাৰেচন এবচলিউট ৰিজ’লভ”ত নিক’লাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰা হয়। দুয়ো এতিয়া নিউয়ৰ্কত “নাৰ্কো-টেৰ’ৰিজম”ৰ গোচৰত বন্দী।

বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোক ট্ৰাম্পে উপেক্ষা

ন’বেল শান্তি বঁটা বিজয়ী মাৰিয়া ক’ৰিনা মাচাডোক ট্ৰাম্পে স্পষ্টভাৱে কৈ দিছে,
“তেওঁৰ জনসমৰ্থন নাই, সন্মানো নাই। আমি মাদুৰোৰ লোকসকলৰ সৈতেহে কাম কৰিম, যদি তেওঁলোকে আমাৰ চৰ্ত মানে।”

এতিয়া প্ৰশ্ন এটাই

ডেলচি ৰড্ৰিগেজে আমেৰিকাৰ সৈতে হাত মিলাব নেকি, নে সেনা আৰু মাদুৰোৰ অনুগামীসকলৰ সৈতে থাকি প্ৰতিবাদ কৰিব?

ভেনিজুৱেলাৰ ভৱিষ্যত এতিয়া এখন পাতল কাগজৰ দৰে, যাক দুয়োপক্ষই টানি আছে।
যিকোনো মুহূৰ্ততে ফালি যাব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *