By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
takshak24indiatakshak24india
  • Home Default
  • About Us
  • Contact Us
Search
© 2022 Foxiz News Network. Ruby Design Company. All Rights Reserved.
Reading: শতাধিক মহিলাক যৌন নিৰ্যাতন চলাই দেশ এৰি পলায়ন কৰা BJP-JD(S) প্ৰাৰ্থীক ২৪ ঘণ্টাত হাজিৰ হোৱাৰ নিৰ্দেশ…
Share
Sign In
Notification Show More
Font ResizerAa
takshak24indiatakshak24india
Font ResizerAa
Search
  • Home Default
  • About Us
  • Contact Us
Have an existing account? Sign In
Follow US
© 2022 Foxiz News Network. Ruby Design Company. All Rights Reserved.
Home » Blog » শতাধিক মহিলাক যৌন নিৰ্যাতন চলাই দেশ এৰি পলায়ন কৰা BJP-JD(S) প্ৰাৰ্থীক ২৪ ঘণ্টাত হাজিৰ হোৱাৰ নিৰ্দেশ…
Lokshabha Elections

শতাধিক মহিলাক যৌন নিৰ্যাতন চলাই দেশ এৰি পলায়ন কৰা BJP-JD(S) প্ৰাৰ্থীক ২৪ ঘণ্টাত হাজিৰ হোৱাৰ নিৰ্দেশ…

it.shonaligroup
Last updated: May 3, 2024 9:52 am
it.shonaligroup
Share
2 Min Read
SHARE

ডিজিটেল ডেস্কঃ শতাধিক মহিলাক যৌন উৎপীড়ন চলাই দেশ এৰি পলায়ন কৰা কৰ্ণাটকৰ বিজেপি-জেডি(এছ) সাংসদ তথা এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰোজ্জ্বল ৰেভান্নাক ২৪ ঘণ্টাৰ ভিতৰত বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। উল্লেখ্য যে, বিজেপি-জেডি(এছ) মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা যৌন উৎপীড়নৰ অভিযোগৰ তদন্ত কৰিবলৈ কৰ্ণাটক আৰক্ষীয়ে গঠন কৰিছিল বিশেষ তদন্তকাৰী গোট।

এই বিশেষ তদন্তকাৰী গোটে প্ৰোজ্জ্বল ৰেভান্নালৈ এক জাননী জাৰি কৰি ২৪ ঘণ্টাৰ ভিতৰত উপস্থিত হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। কেৱল প্ৰোজ্জ্বল ৰেভান্নাই নহয়, এছ আই টিয়ে জাননী জাৰি কৰিছে ৰেভান্নাৰ পিতৃ তথা বিধায়ক, প্ৰাক্তন মন্ত্ৰী এইছ ডি ৰেভান্নালৈয়ো। এছ আই টিৰ দাবী অনুসৰি শতাধিক মহালিক যৌন উৎপীড়ন চলোৱা ঘটনাৰে এইছ ডি ৰেভান্নাও জড়িত।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে ভাইৰেল হৈ পৰা প্ৰোজ্জ্বল ৰেভান্নাৰ এই যৌন উৎপীড়নৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি হোৱাৰ সমান্তৰালকৈ উত্তাল হৈ পৰিছে কৰ্ণাটক। মঙ্গলবাৰে জনতা দল (ছেকুলাৰ)এ প্ৰোজ্জ্বলক দলৰ পৰা বহিষ্কাৰ কৰিছে। দলটোৰ ফালৰ পৰা প্ৰোজ্জ্বলে সংঘটিত কৰা কাণ্ডৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটৰ প্ৰক্ৰিয়াকো আদৰণি জনাইছে।

জানিব পৰা মতে মঙ্গলবাৰেই প্ৰোজ্জ্বল আৰু তেওঁৰ পিতৃলৈ এছ আই টিয়ে জাননী জাৰি কৰিছিল। ইফালে ৰাষ্ট্ৰীয় মহিলা আয়োগেও এই ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে। কৰ্ণাটক আৰক্ষীৰ পৰা আয়োগে ৩ দিনৰ ভিতৰত এই ঘটনাৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই কৰ্ণাটক আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰ লিখি এই ঘটনাৰ তাৎক্ষণিক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে। লগতে দেশ ত্যাগ কৰি জাৰ্মানীলৈ পলাই যোৱা প্ৰোজ্জ্বল ৰেভান্নাক গ্ৰেপ্তাৰৰো দাবী জনাইছে।

একেদৰে কৰ্ণাটকৰ ৰাজ্যিক মহিলা আয়োগো এই বিষয়টোক লৈ যথেষ্ট তৎপৰ হৈ পৰিছে। এই ঘটনাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি ডেবগৌড়াৰ পুত্ৰ তথা প্ৰোজ্জ্বল ৰেভান্নাৰ পিতৃৰ নামো জড়িত হৈ পৰাত সমগ্ৰ ঘটনাই নতুন মূৰ লৈছে। জানিব পৰা মতে তেওঁলোকৰ ঘৰৰ এগৰাকী ৰান্ধনীৰ অভিযোগৰ পাছতে হোলেনাৰাচীপুৰ আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে। ইফালে কৰ্ণাটকৰ এগৰাকী বিজেপি বিধায়কে দাবী কৰিছে, তেওঁৰ পেনড্ৰাইভত ৩,০০০ “অশ্লীল” ভিডিঅ’ আছে। প্ৰোজ্জ্বল ৰেৱান্নাৰ বিৰুদ্ধে সঠিক প্ৰমাণ মজুত আছে।

You Might Also Like

Amit Shah Exclusive: বিজেপিয়ে কেনেদৰে পাৰ কৰিব ৩৭০ৰ সংখ্যা? ক’ত পাব কিমান আসন? অমিত শ্বাহে দিলে সকলো উত্তৰ, চাওক অমিত শ্বাহৰ সম্পূৰ্ণ সাক্ষাৎকাৰ

Assam Chief Minister Emerges As BJP’s Poster Boy For Election Campaigns

Virtual campaign will allow even Dawood Ibrahim to fight election, says HC

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Twitter Copy Link Print
Share
Previous Article ঘোষণা হ’ল ৰায়বেৰেলী-আমেথিৰ কংগ্রেছৰ প্রাৰ্থী…
Next Article Google Doodle celebrates 5th phase of polling with voting symbol | Latest News India
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

235.3kFollowersLike
69.1kFollowersFollow
11.6kFollowersPin
56.4kFollowersFollow
136kSubscribersSubscribe
4.4kFollowersFollow
- Advertisement -
Ad imageAd image

Latest News

সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা নগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন
Blog June 5, 2024
তামুলপুৰত কুঁৱা চাফা কৰিবলৈ গৈ নিহত দুজন লোক…
Blog June 5, 2024
জ্বলা জুইত ঘিউঃ সামাজিক মাধ্যমত মৃণাল শইকীয়াৰ ইটোৰ পিছত সিটো পোষ্ট
Blog June 5, 2024
Struggling ally to a crucial link: How Nitish Kumar retained significance | Latest News India
Blog June 5, 2024
//

Takshak24India influence 20 million users and is the number one business and technology news network on the planet

Top Categories

  • Home Default
  • About Us
  • Contact Us
takshak24indiatakshak24india
Follow US
© 2022 takshak24india. Shonali Group. All Rights Reserved.
Join Us!

Subscribe to our newsletter and never miss our latest news, podcasts etc..

[mc4wp_form]
Zero spam, Unsubscribe at any time.
Welcome Back!

Sign in to your account

Lost your password?