Home / BLOG / বহিঃৰাজ্যত সন্ধানহীন নগাঁৱৰ যুৱক

বহিঃৰাজ্যত সন্ধানহীন নগাঁৱৰ যুৱক

ডিজিটেল সংবাদ,নগাঁও : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক। দিল্লীৰ পৰা সন্ধানহীন হৈছে নগাঁৱৰ চকীটোপৰ মুন্না বৰ্মন।

জানিব পৰামতে মুন্নাই যোৱা ৬ বছৰ ধৰি পাঞ্জাৱৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। যোৱা ৫ এপ্ৰিলৰ নিশা ১০ বজাত অবোধ আসাম ৰে’লেৰে নগাঁৱলৈ অহাৰ কথা আছিল মুন্নাৰ। কিন্তু আজিপৰ্যন্ত নগাঁৱৰ নিজ গৃহত উপস্থিত হোৱা নাই মুন্না।

ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত মুন্নাৰ মাতৃয়ে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে মুন্না নিখোজ হোৱাৰ কোনো তথ্য লাভ কৰিব পৰা নাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৫ এপ্ৰিলৰ নিশা ৯ বজাত শেষবাৰৰ বাবে মাতৃৰে সৈতে কথা পাতিছিল মুন্নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *