গুলি খোৱাৰ পিছতো নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় নেৰিলে বিশ্বনাথৰ শিবা ভূঞাই…

Dhruba deka

ডিজিটেল সংবাদ, বিশ্বনাথঃ ভৰিত আৰক্ষীৰ গুলী লগাৰ পিছতো ড্ৰাগছ কাৰবাৰত জড়িত ড্ৰাগ্‌চ মাফিয়া পুনৰ হিৰোইন সৰবৰাহৰ গোচৰত জিনজিয়া আৰক্ষীয়ে আটক কৰিলে সুজল ভূঞা ওৰফে শিবা ভূঞাক। ২০২২ চনত বিশ্বনাথ জিলা আৰক্ষীয়ে ড্ৰাগ্‌চ সৰবৰাহৰ অভিযোগত গুলীয়াবলৈ বাধ্য হৈছিল শিবাক। আজিও একে অভিযোগতে শিৱা সহ জিনজিয়া আৰক্ষীৰ দলে ২৯ টাকৈ ড্ৰাগছৰ কন্টেনাৰো জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে শুকুৰবাৰে পুৱা বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে জিনজিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাগৰ সাহ’ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আভিযান চলাই মোনাবাৰী চাহ বাগিচাৰ বিশ্বজিত মহানন্দ নামৰ লোকজনৰ ঘৰৰ পৰা ২৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীৰ দলটোয়ে বিশ্বনাথৰ বুঢ়ীগাঙ অঞ্চলৰ পৰা শিবা ভূঞাক আটক কৰে।

উল্লেখযোগ্য যে শিবা ভূঞা হৈছে বিশ্বনাথ জিলাত ড্ৰাগছ সৰবৰাহ কৰাৰ মাষ্টাৰ মাইণ্ড।আৰক্ষীৰ সূত্ৰ মতে শিৱা ভূঞাই মোনাবাৰী চাহ বাগিচাৰ বিশ্বজিত মহানন্দ নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগত মিলি এজন দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰৰ দ্বাৰা উক্ত অঞ্চলত অবৈধ ড্ৰাগছ ব্যবসায় চলাই আহিছিল। কিন্তু জিনজিয়া আৰক্ষীয়ে এই বিষয়ে তথ্য লাভ কৰাৰ পিছতে বিশ্বজিত মহানন্দৰ ঘৰত অভিযান চলাই যদিও বিশ্বজিত মহানন্দ আৰক্ষী অহাৰ পূৰ্বেই পলায়ন কৰে। কিন্তু আৰক্ষীৰ দলটোয়ে বিশ্বজিত মহানন্দৰ ঘৰ তালাছি কৰি ২৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

তাৰ পিছত এই ড্ৰাগছ ব্যবসায়ৰ মাষ্টাৰ মাইণ্ড তথা বিশ্বনাথৰ বুঢ়িগাঙ অঞ্চলৰ যুৱক শিবা ভূঞাক আটক কৰে আৰক্ষীৰ দলটোয়ে। শিবা ভূঞাক ২০২২ চনতো বিশ্বনাথ আৰক্ষীয়ে অবৈধ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰি আনি থকা সময়ত আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰাত বিশ্বনাথ আৰক্ষীয়ে শিবা ভূঞাৰ ভৰিত গুলি নিক্ষেপ কৰিছিল আৰু তাৰ পিছতে শিবা ভূঞা বহুদিন জিলা কাৰাগাৰত থাকিব লগিয়া হৈছিল।

পিছৰ পৰ্যায়ত শিবা ভূঞা জেলৰ পৰা ওলাল যদিও পুনৰ বিশ্বনাথত অবৈধ ড্ৰাগছ ব্যবসায়ত নিজে জড়িত হোৱাৰ লগতে কণ কণ ছাত্ৰকো এতিয়া অবৈধ ড্ৰাগছৰ ব্যবসায়ত জড়িত কৰোৱা এক তথ্য পোহৰলৈ আহিছে। আনফালে জিলা আৰক্ষীয়ে সমস্ত ঘটনাৰ তদন্ত অতি ক্ষীপ্ৰতাৰে কৰাৰ লগতে আনজন পলাতক ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত মহানন্দকো আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *