Home / BLOG / এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কচুৱাৰ বন্যাৰ্তৰ…

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কচুৱাৰ বন্যাৰ্তৰ…

ডিজিটেল সংবাদ, কামপুৰঃ বৰ্তমানেও বানৰ কৱলত নগাঁও জিলাৰ কচুৱাৰ বৃহৎ অঞ্চল। নামকাহুন্দা, উপৰকাহুন্দা, দাপৰা, মিনাৰপাম ইত্যাদি গাঁৱৰ বন্যাৰ্তই নিজৰ ঘৰখনতে চাং পাতি বিগত চাৰিদিন ধৰি আৱদ্ধ হৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে।

নিমখ ভাত দুবেলা খাই কোনোমতে জীৱন ৰক্ষা কৰিছে বানাক্ৰান্তই। এটুপি খোৱা পানীৰ বাবেও তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। বানত দমকল বুৰ যোৱাৰ ফলত উপায়হীন হৈ সেৱন কৰিছে বানৰ পানী।

উল্লেখযোগ্য যে, কপিলীৰ পানীয়ে তাণ্ডৱ চলোৱা ফলত বিগত ৪ দিন নিজ ঘৰখনতে চাংপাতি অতিবাহিত কৰা বন্যাৰ্তই যাতায়ত কৰিব পৰা নাই। বৰ্তমানে পানী কিছু পৰিমাণে কমিছে কোনো সহায় পোৱা নাই বানত বুৰি থকা লোকসকলে। চৰকাৰী সাহাৰ্যৰ নামত কেৱল চাউল আৰু দালি পোৱাৰ কথা ব্যক্ত কৰিছে বন্যাৰ্তই।ইয়াৰোপৰি বিগত ৪ দিনে কোনো চৰকাৰী লোকে সেই অঞ্চলৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *