Home / BLOG / মধ্যপ্ৰদেশৰ ৰাজগড়ত শোকাৱহ পথ দুৰ্ঘটনাঃ শিশুসহ ১৩জন নিহত

মধ্যপ্ৰদেশৰ ৰাজগড়ত শোকাৱহ পথ দুৰ্ঘটনাঃ শিশুসহ ১৩জন নিহত

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ৰাজগড়ত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজস্থানৰ ঝালাৱাৰৰ পৰা মধ্যপ্ৰদেশৰ ৰাজগড়লৈ অহা  বৰযাত্ৰী ভৰ্তি এখন ট্ৰেক্টৰ-ট্ৰলী বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

খবৰ অনুসৰি দেওবাৰে নিশা প্ৰায় ৯.৩০বজাত সংঘটিত হয় দুৰ্ঘটনাটো। ট্ৰলীখনত থকা ৩৫ জন লোকৰ ৪টা শিশুসহ ১৩ জন লোকৰ মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত ১৫ জনক ৰাজগড় জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উক্ত দুৰ্ঘটনাটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোকপ্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *