By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
takshak24indiatakshak24india
  • Home Default
  • About Us
  • Contact Us
Search
© 2022 Foxiz News Network. Ruby Design Company. All Rights Reserved.
Reading: ঢকুৱাখনা কাণ্ডঃ সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত বুজ ল’ব জি পি সিঙে
Share
Sign In
Notification Show More
Font ResizerAa
takshak24indiatakshak24india
Font ResizerAa
Search
  • Home Default
  • About Us
  • Contact Us
Have an existing account? Sign In
Follow US
© 2022 Foxiz News Network. Ruby Design Company. All Rights Reserved.
Home » Blog » ঢকুৱাখনা কাণ্ডঃ সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত বুজ ল’ব জি পি সিঙে
Blog

ঢকুৱাখনা কাণ্ডঃ সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত বুজ ল’ব জি পি সিঙে

Dhruba deka
Last updated: June 3, 2024 1:49 pm
Dhruba deka
Share
3 Min Read
SHARE

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱৰ পৈশাচিক হত্যাকাণ্ডৰ তদন্তই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ, গেৰুৱা নেতা সুনীল গগৈৰ বৰ্বৰ হত্যাকাণ্ডৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগে (চি আই ডি) গ্ৰহণ কৰি আশাব্যঞ্জক সফলতাৰ দিশে গতি কৰিছে। চি আই ডি বিভাগৰ আই জি পি সংযুক্তা পৰাশৰৰ তত্বাৱধানত পৰিচালিত এই লোমহৰ্ষক নাৰকীয় হত্যাকাণ্ডৰ তদন্তই প্ৰাথমিক অগ্ৰগতি লাভ কৰিছে।

ইতিমধ্যে “ফৰেনচিক লেবৰেটৰী” লৈ প্ৰেৰণ কৰা মৃতদেহত চাই সদৃশ মাংস পিণ্ডসহ অন্য উদ্ধাৰ হোৱা সামগ্ৰীৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেই আৰক্ষীৰ তদন্তই নিৰ্দিষ্ট গতি ল’ব। অসম আৰক্ষীৰ শীর্ষ সূত্ৰই জনোৱা মতে খুব পৰিকল্পিতভাৱে সংঘটিত কৰা এই বৰ্বৰ হত্যাকাণ্ডৰ হত্যাকাৰী শীঘ্ৰে জালত পৰিব।

ঘটনা সংঘটিত হোৱাৰ ২৪ঘণ্টা উকলি যোৱাৰ পাছতো সুনীল গগৈৰ ছিন্ন মুণ্ড উদ্ধাৰত আৰক্ষী সক্ষম হোৱা নাই। সমীপৱৰ্তী সকলো এলেকা আৱদ্ধ কৰি আৰক্ষীয়ে অশেষ সন্ধান চলাইয়ো গগৈৰ ছিন্নমুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ সূত্ৰই তীব্ৰ আৰু উচ্চ প্ৰজ্বলক ব্যৱহাৰ কৰি মূৰ আৰু সমস্ত দেহ ভস্মীভূত কৰাৰো আশংকা নুই কৰা নাই। ইপিনে হত্যাকাৰীৰ নিখুঁত পৰিকল্পনাত স্থানীয় ব্যক্তি জড়িত থকাৰো সন্দেহ কৰা হৈছে। গগৈৰ গতিবিধি তীক্ষ্ণ নজৰত ৰখা আৰু এই সন্দৰ্ভত হত্যাকাৰীক অৱগত কৰাত স্থানীয় শক্তি আৰু কিছু সংখ্যক জে জে এমৰ ঠিকাদাৰো সন্দেহৰ আৱৰ্ত্তলৈ আহিছে ।

তদন্তকাৰী আৰক্ষীয়ে মৃতকৰ ম’বাইল ফোনৰ চি ডি আৰ উলিয়াই ,উচ্চ কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰি প্ৰামানিক তথ্য সংগ্ৰহত ক্ষীপ্ৰতাৰে নামি পৰিছে। অসম আৰক্ষীৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ থিয় দিয়া এই পৰিকল্পিত নিখুঁত হত্যাকাণ্ডৰ তদন্ত অব্যাহত থকাৰ সময়তে একাংশ জে জে এমৰ ঠিকাদাৰক আৰক্ষীয়ে জেৰা কৰা আৰম্ভ কৰিছে। এই ক্ষেত্ৰত বিশেষভাৱে চৰ্চালৈ আহিছে সদ্য নিলম্বিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ ঘনিষ্ঠ কেইজনমান ঠিকাদাৰৰ নাম।

কমিচনলোভী কাৰ্যবাহী অভিযন্তা গোস্বামীযে ন্যায়িক জিম্মাত দিন কটোৱা সময়তে ঢকুৱাখনাৰ এজন জে জে এমৰ ঠিকাদাৰে কেইবা লাখ টকা কি উদ্দেশ্যেৰে সংগ্ৰহ কৰি গুৱাহাটীলৈ গৈছিল সেয়াও তদন্তৰ আওঁতালৈ অহাতো ন্যায়কামী ৰাইজে বিচাৰিছে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত সংঘটিত পৰ্বতসম বিত্তীয় কেলেংকাৰী এই পৈশাচিক হত্যাকাণ্ডৰ সৈতে জড়িত থকাটো এশ শতাংশই নিশ্চিত হোৱাৰ পাছত বিভাগটোৰ এচাম বিতৰ্কিত বিষয়া কৰ্মচাৰীও সন্দেহৰ আওঁতালৈ আহিছে। দ্ৰুতগতিত আগবঢ়া এই হত্যাকাণ্ডৰ তদন্তৰ পৰ্যালোচনা কৰিবলৈ সোমবাৰে বিয়লি ঘটনাস্থলীত উপস্থিত হব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ।উল্লেখযোগ্য যে দিনে নিশাই আৰক্ষী অৰ্ধ সামৰিক বাহিনীয়ে হত্যাকাণ্ড সংঘটিত হোৱা এলেকা আবদ্ধ কৰি পহৰা দি আছে।

You Might Also Like

সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা নগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

তামুলপুৰত কুঁৱা চাফা কৰিবলৈ গৈ নিহত দুজন লোক…

জ্বলা জুইত ঘিউঃ সামাজিক মাধ্যমত মৃণাল শইকীয়াৰ ইটোৰ পিছত সিটো পোষ্ট

Struggling ally to a crucial link: How Nitish Kumar retained significance | Latest News India

With focus on welfare and women, Mamata Banerjee takes pole position in Bengal | Latest News India

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Twitter Copy Link Print
Share
Previous Article জনতাক মাধমাৰঃ এতিয়াৰ পৰা ঘাইপথত ভৰিব লাগিব বৰ্ধিত মাচুল
Next Article Lok Sabha election highlights: BJP’s huddle at Nadda’s house day before counting
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

235.3kFollowersLike
69.1kFollowersFollow
11.6kFollowersPin
56.4kFollowersFollow
136kSubscribersSubscribe
4.4kFollowersFollow
- Advertisement -
Ad imageAd image

Latest News

Rahul Gandhi: 5 key shifts in strategy helped shape outcome | Latest News India
Blog June 5, 2024
Naveen Patnaik: Rare politician who beat all odds to lead Odisha | Latest News India
Blog June 5, 2024
Kakinada, Amalapuram, Rajahmundry, Narasapuram and Eluru LIVE updates
Blog June 4, 2024
Vaishali, Gopalganj, Siwan, Maharajganj, Saran: Bihar Results LIVE Updates
Blog June 4, 2024
//

Takshak24India influence 20 million users and is the number one business and technology news network on the planet

Top Categories

  • Home Default
  • About Us
  • Contact Us
takshak24indiatakshak24india
Follow US
© 2022 takshak24india. Shonali Group. All Rights Reserved.
Join Us!

Subscribe to our newsletter and never miss our latest news, podcasts etc..

[mc4wp_form]
Zero spam, Unsubscribe at any time.
Welcome Back!

Sign in to your account

Lost your password?