Home / BLOG / তামুলপুৰত কুঁৱা চাফা কৰিবলৈ গৈ নিহত দুজন লোক…

তামুলপুৰত কুঁৱা চাফা কৰিবলৈ গৈ নিহত দুজন লোক…

ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰৰ ১নং কালিপুৰত এক দুৰ্ঘটনা সংঘটিত হয়।কুঁৱা চাফা কৰিবলৈ গৈ মৃত্যু হয় দুজন লোকৰ। জানিব পৰা মতে, মৃত লোক দুজন তপন ৰাজবংশী আৰু চন্দ্র বাহাদুৰ লিম্বু।

কুঁৱাৰ ভিতৰত অক্সিজেনৰ অভাৱ হোৱা ফলতে সোক দুজনৰ মৃত্যু হোৱা বুলি একাংশই সন্দেহ কৰিছে। ইতিমধ্যে SDRF ৰ তৎপৰতাত কুঁৱাৰ ভিতৰৰ পৰা লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *